উজনিৰ জলপ্ৰলয়ে তননচ কৰা চেলেংহাট চুমনি পথাৰৰ ১৩ টা ঘৰ সাজি ৰাইজক উপহাৰ দিলে এদল সুহৃদ যুৱকে

উজনিৰ জলপ্ৰলয়ে তননচ কৰা চেলেংহাট চুমনি পথাৰৰ ১৩ টা ঘৰ সাজি ৰাইজক উপহাৰ দিলে এদল সুহৃদ যুৱকে

উজনিৰ জলপ্ৰলয়ে তননচ কৰা চেলেংহাট চুমনি পথাৰৰ ১৩ টা ঘৰ সাজি ৰাইজক উপহাৰ দিলে এদল সুহৃদ যুৱকে সুদূৰ ধেমাজিৰ পৱন গগৈ নামৰ এগৰাকী যুৱকৰ নেতৃত্বত টীয়কৰ কেইবাজনো সমাজ সচেতন যুৱকৰ সহযোগত বানত সৰ্বস্ব হেৰুওৱা এইসকল বানাক্ৰান্তৰ বাবে সাজিলে ১৩ টাকৈ গৃহ উল্লেখযোগ্য যে জাঁজী নদীৰ বাঢ়নী পানীত যোৱা ১৯ জুলাইৰ নিশা ঘৰ দুৱাৰ আচবাব সকলো উটুৱাই নিছিল এইখন গাৱঁৰ ৰাইজৰ পৰৱৰ্তীসময়ত সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগত এইসকল যুৱকে প্ৰতিটো পৰিয়ালৰ বাবে একোটাকৈ গৃহ আচবাবকে ধৰি নূন্যতম সকলো সামগ্ৰী যোগান ধৰি এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ইপিনে গৃহ নিৰ্মাণ,নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে আজিৰ পৰা স্নানাগাৰ,শৌচাগাৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীৰ এই দলটোৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নীতি আদৰ্শ শিৰোগত কৰি আগলৈও এইদৰে দুৰ্যোগৰ সময়ত আৰ্তজনক সহায় কৰাৰ লৈছে সংকল্প....